কোচিং চেণ্টাৰৰ বাহিৰত কিশোৰী ছাত্ৰীক গুলীয়াই হত্যা! ৭ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ

262

মধ্যপ্ৰদেশৰ গোৱালিয়ৰ চহৰত চলিত সপ্তাহৰ আৰম্ভণিতে এগৰাকী ১৭ বছৰীয়া কিশোৰীক গুলীয়াই হত্যা কৰাৰ গোচৰত মহাৰাষ্ট্ৰ আৰু দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৭ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, যোৱা ১০ জুলাইত বাইক আৰোহী একাংশ লোকে কোচিং চেণ্টাৰৰ পৰা স্কুটীৰে ঘৰলৈ উভতি অহাৰ সময়ত একাদশ শ্ৰেণীৰ ছাত্ৰী আৰু তেওঁৰ বন্ধুৰ ওপৰত গুলীচালনা কৰে।

সেই নিশাই চিকিৎসাৰ সময়ত কিশোৰীগৰাকীৰ মৃত্যু হয়, আনহাতে আনগৰাকী কিশোৰী বৰ্তমান চিকিৎসাধীন হৈ আছে।

বৃহস্পতিবাৰে নিশা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ডি শ্ৰীনিবাস বাৰ্মাই সাংবাদিকৰ আগত কয় যে, “আৰক্ষীয়ে এই গোচৰৰ সৈতে জড়িত মুঠ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে তিনিজনক মহাৰাষ্ট্ৰৰ, দুজন দিল্লীৰ আৰু এজনকৈ ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ নিবাসী।” .

এই গোচৰৰ মূল অভিযুক্ত সুমিত ৰাৱটক মহাৰাষ্ট্ৰৰ ধূলেৰ পৰা গ্ৰেপ্তাৰ কৰি গোৱালিয়ৰলৈ অনাৰ সময়ত প্ৰস্ৰাৱ কৰাৰ অজুহাতত পানীহাৰ গাঁৱৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও গাঁতত পৰি আঘাতপ্ৰাপ্ত হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

অভিযুক্তজনক পিছত চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে আন কেইজন অভিযুক্তক ৰাজস্থানৰ ঢোলপুৰৰ পৰা এজন, দিল্লীৰ দুজন আৰু মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ খুৰাই চহৰৰ পৰা এজনক গ্ৰেপ্তাৰ কৰা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা দেশত নিৰ্মিত ৰিভলভাৰ আৰু অপৰাধত ব্যৱহৃত এখন মটৰ চাইকেলও জব্দ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বেও মূল অভিযুক্তজন জেলত আছিল আৰু চলিত বৰ্ষৰ জুন মাহত হত্যাৰ গোচৰৰ সৈতে জড়িত হৈ মুকলি কৰি দিয়া হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা যিকোনো তথ্যৰ বাবে ৩০ হাজাৰ টকা আৰু গোচৰটোত জড়িত আনসকলৰ ওপৰত ১০ হাজাৰ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল।