কোকৰাঝাৰ জিলা উপায়ুক্তৰ সংবাদমেলঃ প্ৰতিদিনে ৭ হাজাৰ লোকক দিয়া হব ভেকচিন

43

কোকৰাঝাৰত প্ৰতিদিনে ৭ হাজাৰ লোকক কোভিড ভেকচিন প্ৰদানৰ লক্ষ্য লৈছে জিলা প্ৰশাসনে। আজি কোকৰাঝাৰ জিলা উপায়ুক্তই সম্বোধন কৰা সংবাদমেলত এই কথা সদৰি কৰি কয় যে কাইলৈৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত ৭ হাজাৰ লোকক প্ৰতিদিনে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হব। বৰ্তমানলৈকে জিলাখনত ১৫০০ৰ পৰা ২০০০ লোককহে প্ৰতিদিনে ভেকচিন প্ৰদান কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়েে।

ইফালে কোকৰাঝাৰত অতি শীঘ্ৰে কোভিড ভেকচিন কেন্দ্ৰ স্থাপন কৰা হব বুলিও জানিবলৈ দিয়া জিলা উপায়ুক্তই। কোভিড ভেকচিন গ্ৰহণৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰোৱাটো বাধ্যতামূলক নহয় বুলি মন্তব্য কৰি উপায়ুক্তই কয় যে কোভিডৰ লক্ষণ দেখা পোৱা ৰোগীৰহে স্বাস্থ্য পৰীক্ষা কৰিব স্বাস্থ্য কৰ্মীয়ে। আনহাতে পূৰ্বে ৰেজিষ্ট্ৰেজন নকৰাকৈও এতিয়া কোভিড ভেকচিন লব পাৰিব বুলিও জানিবলৈ দিয়ে তেওঁ।