কোকৰাঝাৰৰ লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, ৩ পাষণ্ডক ফাঁচী

91

কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনি অপৰাধীক ফাঁচীৰ ৰায় আদালতৰ। কোকৰাঝাৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰিলে এই চূড়ান্ত শাস্তি। সুদীৰ্ঘ ১০ মাহৰ পিছত আদালতে ৩ দোষীক প্ৰদান কৰে ফাঁচীৰ ৰায়।

উল্লেখ্য যে, ২০২১ৰ ১০ জুনত দুই জনজাতীয় সম্পৰ্কীয় কিশোৰী ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত নৃশংসভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল তিনি পাষণ্ডই।

এই ঘটনাক লৈ ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি হোৱাৰ পিছতে ১৩ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰত উপস্থিত হৈ এছআইটি গঠন কৰি ক্ষীপ্ৰ তদন্তৰ কথা ঘোষণা কৰে।

আনহাতে যোৱা ৬ জুনত তিনি অভিযুক্ত ফৰিজুল ৰহমান, মোজাম্মেল শ্বেখ আৰু নাজিবুল আলীক দোষী সাব্যস্ত কৰে বিশেষ আদালতে। তাৰ পিছত আজি তিনি পাষণ্ডক ফাঁচীৰ শাস্তি প্ৰদান কৰে আদালতে।