কোকৰাঝাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ৩ সৰবৰাহকাৰীক আটক

62

বিগত কিছু দিনত ড্ৰাগছৰ বিক্ৰী আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ ঘাটী উচ্চেদ কৰাৰ লগতে আটক কৰিছে কেইবাজনকো। শেহতীয়াকৈ কোকৰাঝাৰ্ আৰক্ষীয়ে অভিযান চলাই আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিজন ড্ৰাগছৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

উপ আৰক্ষী অধীক্ষক পুনম পেগুৱে এক সংবাদ মেলত জানিবলৈ দিয়া মতে, গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে কোকৰাঝাৰ চহৰৰ টেঙাপাৰাৰ গৌজানথাও নাৰ্জাৰী (২২), হাব্ৰুবাৰীৰ ফৰেষ্ট কলনীৰ কেনেডী ব্ৰহ্ম (২৩) আৰু বাগানশালিৰ সাগৰ দৈমাৰী (২২) বুলি জানিব পৰা গৈছে। আনহাতে সৰবৰাহকাৰী কেইজনৰ পৰা ১০টা কণ্টেইনাৰ, নগদ পোন্ধৰ হাজাৰ টকা, তিনিটা মোবাইল, দুটা চিৰিঞ্জ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ড্ৰাগছৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে উপ আৰক্ষী অধীক্ষকগৰাকীয়ে।