কোকৰাঝাৰত গুলিবিদ্ধ গাঞ্জা সৰবৰাহকাৰী

98

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ এনকাউণ্টাৰত গুলিবিদ্ধ হল গাঞ্জা সৰবৰাহকাৰী। কোকৰাঝাৰৰ ছেৰফাংগুৰীত আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰোঁতেই গুলিবিদ্ধ হয় ড্ৰাগছ সৰবৰাহকাৰী সঞ্জীত কুমাৰ।

ভৰিত গুলি লাগি আহত হোৱা সৰবৰাহকাৰীজনক বৰ্তমান ভৰ্তি কৰা হৈছে বৰপেটা মেডিকেল কলেজ হাস্পতালত।

উল্লেখ্য যে, সোমবাৰে নিশা গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰিছিল সঞ্জীত কুমাৰ নামৰ সৰবৰাহকাৰীজনক।

NL01 – Q 8878 নম্বৰৰ ট্ৰাকখনেৰে ৭০ টা পেকেটত ভৰাই অনা ৬৮৫ কেজি গাঞ্জা সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই ট্ৰাকসহ আটক কৰিছিল সৰবৰাহকাৰীজনক।

নিশা অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আন ঠাইত লুকুৱাই থোৱা গাঞ্জা উদ্ধাৰৰ বাবে লৈ যোৱাৰ সময়তে ছেৰফাংগুৰীত আৰক্ষীৰ বাহনৰ পৰা নামি পলায়নৰ চেষ্টা কৰোঁতেই গুলিবিদ্ধ হয় সঞ্জীত কুমাৰ।