কোকৰাঝাৰ জিলাত মঙলবাৰে সন্ধিয়া এগৰাকী ১৬ বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে।
খবৰ অনুসৰি, নাবালিকা ছোৱালীজনী ওচৰৰ দোকান এখনৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত তিনিজন লোকে দলবদ্ধ ধৰ্ষণ কৰে।
উল্লেখ কৰিব পাৰি যে এই মাহত এনেধৰণৰ তৃতীয়টো ঘটনা সংঘটিত হৈছে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তসকলে কিশোৰীগৰাকীক এক নিৰ্জন ঠাইলৈ লৈ যোৱাৰ লগতে উভতি অহাৰ সময়ত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে, আৰক্ষীত এটা গোচৰ ৰুজু কৰি ইয়াৰ সৈতে জড়িত তিনিজন লোকক আটক কৰিছে।
কোকৰাঝাৰ আৰক্ষী থানাৰ গোচৰ নং ২৪৭/২২ ইউপিআৰ ৩৬৩/৩৬৮/৩৭৬(৩)/৩৭৬(ঘ)(ক)/৩৪ আই পি চি আৰ/ডব্লিউ ধাৰা ০৬ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
