কোকৰাঝাৰৰ ভাৰত -ভূটান সীমান্তৰ লুংছুঙত শুকুৰবাৰে নিশা আৰক্ষীৰ এনকাউণ্টাৰৰ দুজনকৈ সন্দেহযুক্ত ULB সংগঠনৰ সদস্য নিহত হয়।
উল্লেখ্য যে, নৱগঠিত সন্ত্ৰাসবাদী সংগঠন ULB য়ে আত্মপ্ৰকাশ কৰিয়েই পৃথক বড়োলেণ্ডৰ দাবীত চৰকাৰক ভাবুকি প্ৰদান কৰি আহিছে। শুকুৰবাৰে নিশা কোকৰাঝাৰত আৰক্ষীক দেখি পলায়নৰ চেষ্টা কৰা সংগঠনটোৰ সন্দেহযুক্ত দুজন কেডাৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলিচালনা কৰে। ফলত জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰী নামৰ যুৱক দুজনৰ মৃত্যু ঘটে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ দুটা পিষ্টল , আঠটা হেণ্ডগ্ৰেণেড আৰু আপত্তিজনক সামগ্ৰী ।
