কেৱল সন্দেহৰ বাবে স্বামীসহ শাহু-শহুৰে মহিলাৰ কাটিলে স্তন, জিভা আৰু গাল

163

উজ্জেনৰ নাগদা জিলাৰ বিদ্যাসাগৰত এক নৃংশস ঘটনা সংঘটিত হয়। পত্নী তথা বোৱাৰীৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰি তেওঁৰ স্বামী, শাহু-শহুৰ আৰু এগৰাকী পৰিয়াল সম্বন্ধীয় মহিলাই নিষ্ঠুৰতাৰ সীমা চেৰাই দিয়ে। আটাইকেইজনে মিলি মহিলাগৰাকীৰ স্তন, জীভা আৰু গাল কাটি দিয়ে। এই কু-কাণ্ড কৰিও তেওঁলোকৰ নৃশংসতা ঠাণ্ডা নোহোৱাত মহিলাগৰাকীৰ মুখ আৰু গুপ্তাংগত বেলনা বাৰি সোমাই দিয়ে।

হৃদয় কঁপোৱা এই কাৰ্যৰ বাবে ভুক্তভোগী মহিলাগৰাকীয়ে সংজ্ঞান হেৰুৱায়। স্বামীগৃহৰ পৰিয়ালে মহিলাগৰাকীক মৃত বুলি ভাবি ঘৰৰ বাহিৰত পেলাই দিয়ে আৰু আটাইকেইজন লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ঘটনাটোতকৈও অধিক কৰুণ কথাটো হ’ল যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত ওচৰ চুবুৰীয়া লোকে এই সকলো প্ৰত্যক্ষ কৰি থাকে কিন্তু মহিলাগৰাকীক সহায় কৰিবলৈ কোনো লোক আগুৱাই নাহে।

স্বামী গৃহৰ পৰিয়ালে ঘটনাটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আহত মহিলাগৰাকী ১০ মিনিটলৈ ৰাজপথতে পৰি থাকে। অৱশেষত কোনো স্থানীয় লোকে ঘটনাটোৰ বিষয়ে আৰক্ষীক জানিবলৈ দিয়ে। পিছত মহিলাগৰাকীক স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। এই ঘটনাটো ১২ জানুৱাৰীত সংঘটিত হৈছিল।