কেৰেলাত মহাপ্ৰলয়।এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কেৰালাৰ ৱায়নাডত যেনিয়ে-তেনিয়ে কেৱল মৃতদেহ আৰু মৃতদেহ। ভয়ংকৰ ভূস্খলনৰ পাছত এতিয়াকৈ ৱায়নাডত ৩৫৮গৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে প্ৰশাসনে। এতিয়া ৩০০লোকৰ সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। ইফালে ১৮৭গৰাকী লোক আঘাতপ্ৰাপ্ত হৈ হাস্পতালত ভৰ্তি হৈ আছে।
