কেৰেলাত এগৰাকী যুৱতীক মৃ*ত্যুদণ্ড আদালতৰ

6

কিছুবছৰ পূৰ্বে কেৰালাত সংঘটিত হোৱা এক জঘন্য ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। এগৰাকী যুৱতীয়ে নিজ প্ৰেমিকক বিহ খুৱাই হত্যা কৰিছিল। এই গোচৰতে শেহতীয়াকৈ কেৰালাৰ এখন আদালতে ৰায়দান কৰে।২০২২ চনত কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম সংঘটিত এক চাঞ্চল্য়কৰ ঘটনাই সমগ্ৰ দেশত চাঞ্চল্য়ৰ সৃষ্টি কৰিছিল। এগৰাকী যুৱতীয়ে হত্যা কৰিছিল নিজ প্ৰেমিকক। এই হত্যাৰ গোচৰতে সোমবাৰে আদালতে ২৪ বছৰীয়া যুৱতী গ্ৰীষ্মাক মৃত্যুদণ্ড প্ৰদান কৰে। গ্ৰীষ্মা নামৰ যুৱতীগৰাকীয়ে প্ৰেমিক শ্বেৰনক কীটনাশক দ্ৰব্য মিহলি আয়ুৰ্বেদিক মিশ্ৰণ খুৱাই হত্যা কৰিছিল। এই গোচৰৰ ৰায় প্ৰদান কৰি আদালতে কয় যে, এই ঘটনা অতি নৃশংস, অমানৱীয় তথা ঘৃণনীয়। এই ঘটনাই সমাজৰ সামূহিক বিবেকক আঘাত হানিছে। ইয়াৰোপৰি আদালতে দোষী সাব্যস্ত হোৱা গ্ৰীষ্মাক আদালতে ৩.৫ লাখ টকাৰ জৰিমণাও বিহে।