কেৰালা বিস্ফোৰণ কাণ্ডক লৈ হিংসা বিয়পোৱাৰ অভিযোগত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

153

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ বিৰুদ্ধে কেৰালা বিস্ফোৰণ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কেৰালা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। কেৰালা আৰক্ষীয়ে মঙলবাৰে (৩১ অক্টোবৰ) ৰাজীৱ চন্দ্ৰশেখৰৰ বিৰুদ্ধে বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰচাৰ কৰি বক্তব্য দিয়াৰ বাবে গোচৰ ৰুজু কৰে। কোচি বিস্ফোৰণৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত মন্ত্ৰীগৰাকীয়ে দিয়া বক্তব্য আৰু শেহতীয়াকৈ ৰাজ্যখনৰ মালাপ্পুৰম জিলাত ইছলামিক গোটে আয়োজন কৰা এক অনুষ্ঠানত হামাছৰ নেতাগৰাকীৰ ভাৰ্চুৱেল ভাষণক লৈ আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।

কোচি চহৰৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ (ধৰ্ম, জাতি, জন্মস্থান, বাসস্থানৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা) আৰু কেৰালা আৰক্ষী আইনৰ ১২০ (ক) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে, দেওবাৰে কোচিৰ সমীপৰ কালামশেৰীত ‘যিহোৱাৰ সাক্ষী’ পন্থাৰ ধৰ্মীয় সমাৱেশত বোমা বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰশেখৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নক সমালোচনা কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত তেওঁ কিছু পোষ্ট কৰিছিল।

তেওঁ কৈছিল, ‘দুৰ্নীতিৰ অভিযোগেৰে আগুৰি থকা বদনামী মুখ্যমন্ত্ৰী (আৰু ৰাজ্যৰ গৃহমন্ত্ৰী) পিনাৰায়ী বিজয়নৰ লেতেৰা নিৰ্লজ্জ তুষ্টিকৰণ ৰাজনীতি। দিল্লীত বহি ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে কেৰালাত সন্ত্ৰাসবাদী হামাছৰ জেহাদৰ মুকলি আহ্বানৰ বাবে নিৰীহ খ্ৰীষ্টানসকলৰ ওপৰত আক্ৰমণ আৰু বোমা বিস্ফোৰণ সংঘটিত হৈছে।’

ইয়াৰ পিছত সোমবাৰে মুখ্যমন্ত্ৰী আৰু চন্দ্ৰশেখৰৰ মাজত বাকযুদ্ধৰ সৃষ্টি হয়। ভাৰতীয় জনতা পাৰ্টিৰ নেতাগৰাকীয়ে বিজয়নক ‘মিছলীয়া’ বুলি অভিহিত কৰাৰ লগতে বিজয়নে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক ‘অতি বিষাক্ত’ আখ্যা দি প্ৰত্যুত্তৰ দিয়ে। মুখ্যমন্ত্রীয়ে লগতে কয় যে যদি কোনোবাই আইন উলংঘা কৰি বক্তব্য দিয়ে, সেয়া কেন্দ্রীয় বা ৰাজ্যিক মন্ত্রী হ’লেও তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব৷