ডিজিটেল ডেস্ক: কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানক তিৰুৱান্তপুৰমৰ চৰকাৰী মেডিকেল হাস্পতালত ভৰ্তি কৰা হৈছে। যোৱা ৭ নৱেম্বৰত ৰাজ্যপালগৰাকীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছিল।
হোম কোৱেৰেণ্টাইনত থকা ৰাজ্যপাল গৰাকীৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাত তেওঁক হাস্পতালত ভৰ্তি কৰা হয়। বৰ্তমান তেওঁ কিছু সুস্থ হৈ উঠা বুলি জানিব পৰা গৈছে।