কেৰালাত ভূ-স্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি

102

ডিজিটেল ডেস্ক:- এফালে কোৰোনাৰ সন্ত্ৰাস, আনফালে বানৰ সংহাৰ! তাৰ মাজতে কেৰালাত সংঘটিত হয় ভূমিস্খলন। বৃহস্পতিবাৰে কেৰালাৰ ইডুক্কিৰ ৰাজমলাত সংঘটিত হোৱা ভূমি স্খলনত নিহতৰ সংখ্যা এতিয়া ৪২ জনলৈ বৃদ্ধি পালে।

উল্লেখ্য যে, নেৰানেপেৰা বৰষুণৰ ফলত বৃহস্পতিবাৰে ৰাজমলা অঞ্চলৰ এখন অস্থায়ী দলং ভাগি পৰিল। এই ঘটনাৰ পিছত উদ্ধাৰকাৰী দলে অভিযান চলাই ১৮ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আনহাতে উদ্ধাৰকাৰী দলে চলোৱা অভিযানত দেওবাৰে নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি পায়। এই ঘটনাত গভীৰ শোক ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।