কেলিফৰ্ণিয়াত দুৰ্বত্তৰ নিৰ্বিচাৰ গুলীবৰ্ষণত শিশুসহ নিহত ৪

93

পুনৰ বন্দুকধাৰীৰ আক্ৰমণ আমেৰিকাত ৷ আগৰবাৰ আছিল কলোৰাডোত। এইবাৰ কেলিফৰ্ণিয়াত। বুধবাৰে ৰাতি ঘটনাটো সংঘটিত হয় কেলিফৰ্ণিয়াৰ লছ্‌ এঞ্জেলছ্‌ৰ city of Orange এলেকাত। ঘটনাত এজন শিশু-সহ চাৰিজন লোকৰ মৃত্যু হয়। আহত হৈছে আন কেইবাজনো।

স্থানীয় বাসিন্দাসকলে জনাইছে, হঠাৎ এটা দুমহলীয়া ঘৰৰপৰা গুলিৰ শব্দ শুনা যায়। এজন বন্দুকধাৰীয়ে সেই ঘৰটোত সোমাই নিৰ্বিচাৰে গুলি চালনা কৰিবলৈ আৰম্ভ কৰে। আক্ৰমণত ঘটনাস্থলীতে আহত হয় বহুলোক।

খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। তেওঁলোকে প্রথমে বন্দুকধাৰী ব্যক্তিজনক আত্মসমর্পণ কৰিবলৈ নির্দেশ দিয়ে। কিন্তু বন্দুকধাৰীজনে সেই নির্দেশ মানি নলয় ৷ ফলত গুলি চালনা কৰে আৰক্ষীয়ে। আৰক্ষীৰ গুলিত আহত হয় বন্দুকধাৰী ব্যক্তিজন ৷ বহুকেইজন আৰক্ষীকর্মীও এই সংঘর্ষত আহত হৈছে বুলি খবৰ পোৱা গৈছে ৷