কেবৰ অনলাইন বুকিঙৰ সময়ত OTP বিভ্ৰান্তি! কেব চালকৰ ঘোচাত মৃত্যু যাত্ৰীৰ

74

ডিজিটেল ডেস্কঃ কেবৰ অনলাইন বুকিঙৰ সময়ত লাভ কৰা অ’টিপি নম্বৰক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিক লৈ যাত্ৰী আৰু কেব চালকৰ সংঘাতৰ মাজতে কেব চালকৰ ঘোচাত প্ৰাণ হেৰুৱালে যাত্ৰীয়ে। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে তামিলনাডুত। জানিব পৰা মতে, কেব চালকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন যাত্ৰী। লগে লগে যাত্ৰীজনক হাস্পতাললৈ নিয়া হয় যদিও তেতিয়ালৈকে মৃত্যু ঘটে যাত্ৰীজনৰ। অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যাত্ৰীজনৰ নাম উমেন্দ্ৰ। তেওঁ কয়ম্বাটুৰৰ এটা চফটৱেৰ কোম্পানীৰ কৰ্মচাৰী। ছুটিৰ দিনত এজন আত্মীয়ক লগ কৰিবলৈ তেওঁ পত্নী আৰু সন্তানৰ সৈতে চেন্নাইত আছিল। দেওবাৰে তেওঁ আৰু তেওঁৰ পত্নী কইম্বাটুৰৰ এটা মলত চিনেমা চাবলৈ গৈছিল। উভতি অহাৰ পথত উমেন্দ্ৰৰ পত্নীয়ে মোবাইলৰ পৰা এপ কেব বুকিং কৰিলে। কেবখন নিৰ্দিষ্ট ঠিকনাত উপনীত হয়। কিন্তু অনলাইন বুকিং নিশ্চিতকৰণৰ বাবে এককালীন পাছৱৰ্ড নম্বৰক লৈ চালক আৰু যাত্ৰীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়। উমেন্দ্ৰ আৰু ড্ৰাইভাৰ ৰবীৰ মাজত বাক যুদ্ধ আৰম্ভ হয়।

নিজৰ খং দেখুৱাই ড্ৰাইভাৰে দম্পতীহালক গাড়ীৰ পৰা নামি শুদ্ধ অ’টিপি দিলেহে উঠিবলৈ ক’লে। গাড়ীৰ পৰা নামি থাকোতে খঙত গাড়ীৰ দুৱাৰত খুন্দা মাৰিলে উমেন্দ্ৰই। ক্ষুব্ধ হৈ চালকজনে উমেন্দ্ৰক আক্ৰমণ কৰে। এটা এটাকৈ সিহঁতে ঘুচা মাৰিবলৈ ধৰিলে।

উমেন্দ্ৰ চেতনা হেৰুৱাই মাটিত পৰিল। ঘৈণীয়েকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। যদিও চিকিৎসালয়খনৰ চিকিৎসকে উমেন্দ্ৰৰ মৃত্যু হোৱা বুলি কয়। আৰক্ষীৰ এজন বিষয়াই কয়, ‘উমেন্দ্ৰই উত্তেজিত হৈ গাড়ীৰ দুৱাৰ বন্ধ কৰি প্ৰথমে নিজৰ মোবাইলটো যাত্ৰীজনৰ ওপৰত দলিয়াই দিলে আৰু তাৰ পিছত কেব চালকজনৰ ফালে দলিয়াই দিলে। তাৰ পিছত এটা এজনকৈ সি ঘুচা মাৰিবলৈ ধৰিলে। যাৰ ফলত উমেন্দ্ৰ অচেতন হৈ পৰে। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে উমেন্দ্ৰ নামৰ যাত্ৰীজনক মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে অভিযুক্ত ৰবীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।