কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, শিক্ষাৰ্থীৰ অনলাইন ক্লাছৰ সুবিধাৰ্থে স্থাপন কৰা হব মোবাইল টাৱাৰ

60

বুধবাৰে অনুষ্ঠিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৃষি উদ্যোগক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে সমবায় সমূহক প্ৰতি বছৰে ৫ লাখ টকাৰ মঞ্জুৰী প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। আনহাতে ১৬ খন জিলাত সমবায়ক টেন্সপৰ্টেছনৰ সুবিধা প্ৰদানৰো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ড০ শৰ্মাৰ কেবিনেটে।

ইফালে বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত ছিপাঝাৰৰ গৰুখুটিত ৭৭ হাজাৰ বিঘা মাটিত খেতি কৰাৰ বাবে যি দায়িত্ব দিয়া হৈছিল তাৰ বাবে পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান কৰা হয়। আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন ক্লাৰ সময়ত দেখা দিয়া নেটৱৰ্ক সমস্যা দূৰ কৰাৰ বাবে মোবাইল টাৱাৰ স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।

কেবিনেটত লোৱা সিদ্ধান্তসমূহ সঠিক ৰূপ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন তিনিজনীয়া কমিটী গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। এই কমিটীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ৰণোজ পেগুক অন্তৰ্ভূক্ত কৰা হব। কেবিনেটৰ সিদ্ধান্তসমূহ সঠিকৰূপত কাৰ্যকৰী হৈছে নে নাই সেই বিষয়ত নজৰ ৰাখিব কমিটীখনে।