ষ্টাফৰিপৰ্টাৰ, ৩১ মে’: শ্ৰম আইন সংশোধন, কেন্দ্ৰীয় চাকৰিয়ালৰ মৰগীয়া ভাট্টা নিদিয়াৰ সিদ্ধান্ত, দেশৰ লাভজনক উদ্দ্যোগ সমূহ এটা এটাকৈ পুঁজিপতিৰ হাতত গটাই দিয়া আদি সিদ্ধান্তৰ বিৰোধীতাৰে অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন আৰু এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে সোমবাৰৰ পৰা এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষনা কৰিছে । বাতৰি কাকতলৈ দিয়া এক বিবৃতিত অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ সভাপতি তথা এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তই কয় “সমগ্ৰ দেশবাসী কৰ’নাৰ আতংকত আৰু লকডাউনৰ বাবে ঘৰত আৱদ্ধ হৈ থকাৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক বিৰোধী কাৰ্যত লিপ্ত হৈছে । দেশৰ লাভজনক উদ্যোগ সমূহ বিক্ৰী কৰিব ধৰিছে । শ্ৰমিকৰ কৰ্তব্যৰ সময় আঠ ঘণ্টাৰ পৰা বৃদ্ধি কৰি বাৰ ঘণ্টা কৰি শ্ৰম আইন সংশোধন কৰিছে । কেন্দ্ৰীয় চাকৰিয়ালৰ মৰগীয়া বানচ বন্ধ কৰি কৰ্মচাৰী আৰু পেন্সনাৰ সকলক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে । কৰ্মচাৰী আৰু পেন্সনাৰে বছৰত দুবাৰ মৰগীয়া বানচ লাভ কৰাটো বিধিসন্মত প্ৰক্ৰিয়া । চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰাৰ পৰিবৰ্তে কৰ্মচাৰীৰ মৰগীয়া বানচৰ কিস্তি ৰদ কৰা কাৰ্যই কৰ্মচাৰীক ক্ষতিগ্ৰস্ত কৰাৰ লগতে মনোবল ভাঙি পেলাব । দাসগুপ্তই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি কয় “কেন্দ্ৰীয় চৰকাৰৰ এনে শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে চাকৰিয়াল আৰু জনসাধাৰণক সজাগ কৰি তুলিবলৈ সমগ্ৰ দেশতে পহিলা জুনৰ পৰা ৭ জুনলৈ “জাগৰণ সপ্তাহ” আৰু ৮ জুনৰ দিনাখন “ক’লা দিৱস” হিচাপে পালন কৰা হ’ব । দাসগুপ্তই সমূহ ৰেল শ্ৰমিককে বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ ৰাখি চৰকাৰী নীতি -নিয়মৰ মাজেৰে আন্দোলনৰ কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনায় ।”
