নতুন গাইড লাইন জাৰি কৰিলে কেন্দ্ৰই, ৩১ জুলাই পৰ্যন্ত বন্ধ থাকিব স্কুল-কলেজ, মানি চলিব লাগিব কিছু নিয়ম –
দেশত অব্যাহত আছে কোৰোণাৰ সন্ত্ৰাস। তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে আনল’ক-২ৰ গাইড লাইন। ১ জুলাইৰ পৰা প্ৰযোজ্য হ’ব আনল’ক-২ৰ গাইড লাইন। কেন্দ্ৰীয় চৰকাৰৰ নতুন গাইড লাইন অনুসৰি,
অহা ৩১ জুলাই পৰ্যন্ত বন্ধ থাকিব স্কুল কলেজ।
বন্ধ থাকিব ট্ৰেইন, মেট্ৰ’ সেৱা।
আন্তৰ্জাতিক বিমান সেৱা বন্ধ থাকিব।
বন্ধ থাকিব চিনেমা হল, জিম, চুইমিং পুল।
আনল’ক-২ৰ সময়ত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে।
কণ্টেইনমেণ্ট জ’নত অব্যাহত থাকিব কঠোৰ ল’ক ডাউন।
বন্ধ থাকিব সকলো ধৰণৰ ৰাজনৈতিক, ধৰ্মীয়, সাংস্কৃতিক, সামাজিক, একাডেমিক, ক্ৰীড়া অনুষ্ঠান।
কাৰ্ফিউৰ সময়ত কেৱল জৰুৰী সেৱাহে অব্যাহত থাকিব।