ডিজিটেল ডেস্কঃ বুধবাৰে কেন্দ্ৰীয় আয়ুস মন্ত্ৰী শ্ৰীপদ নায়কৰ দেহত ধৰা পৰে কোৰোনাৰ অৱস্থিতি। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বৰ্তমান হোম আইছ’লেশ্যন হৈ আছে। উল্লেখ্য যে, শ্ৰীপদ নায়ক হৈছে মোডী মন্ত্ৰীসভাৰ পঞ্চমগৰাকী কোভিড পজিটিভ কেন্দ্ৰীয় মন্ত্ৰী।
কোভিড পজিটিভ হোৱাৰ সম্পৰ্কে নিজেই টুইটযোগে অৱগত কৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লিখিছে, ‘আজি মই কোভিড-১৯ পৰীক্ষা কৰিছিলো আৰু মোৰ দেহত লক্ষণবিহীন কোভিড পজিটিভ ধৰা পৰে। মই বৰ্তমান হোম আইছ’লেশ্যনত আছো। যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে, তেওঁলোকে যেন কোভিড টেষ্ট কৰে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে।’
উল্লেখ্য যে, কেন্দ্ৰীয় আয়ুস মন্ত্ৰী শ্ৰীপদ নায়কৰ পূৰ্বে মোডী মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী অমিত শ্বাহ, ধৰ্মেন্দ্ৰ প্ৰধান, অৰ্জুন মেঘৱাল আৰু কৈলাশ চৌধুৰীও কোভিড-১৯ত আক্ৰান্ত হৈছিল।