কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰ্চ এচ’চিয়চন কোঅৰ্ডিনেচন কমিটিৰ প্ৰতিবাদ

67

ষ্টাফৰিপোৰ্টাৰ, ২২ মে’ : কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ৰ
বিৰুদ্ধে যুঁজ দিয়াৰ নামত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী সকলৰ এদিনৰ দৰমহা কৰ্তন কৰাৰ উপৰি চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ২০২১ চনৰ ১জুলাইলৈ ১৮ মাহৰ মৰগীয়া বানচ বন্ধ কৰি দিয়ে। সেইদৰে কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰ সকলৰ ১৮ মাহৰ মৰগীয়া সাহায্যও বন্ধ কৰি দিয়ে। উল্লেখ ইতিমধ্যে প্ৰধান মন্ত্ৰীৰ আহৱানৰ প্ৰতি সহাঁৰি জনাই কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰ সংগঠনকে ধৰি বিভিন্ন সংগঠনে “প্ৰধান মন্ত্ৰী কেয়াৰচ পুজিলৈ” বৰঙনি আগবঢ়াইছে। কেৱল সেয়ে নহয়, ব্যক্তিগতভাবেও বহুতে “প্ৰধান মন্ত্ৰী কেয়াৰচ পুজিলৈ” দান-বৰঙণি আগবঢ়াইছে। তেনে ক্ষেত্ৰত ১৮ মাহৰ মৰগীয়া বানচ আৰু মৰগীয়া সাহায্য কাঢ়ি লৈ যোৱাটো উচিত হোৱা নাই বুলি কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ সংগঠনবোৰে ক্ষোভ প্ৰকাশ কৰিছে লগতে প্ৰধান মন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি প্ৰতিবাদ জনাইছে।
লক-ডাউনৰ ধামখুমীয়াৰ মাজত লক্ষ লক্ষ শ্ৰমিক বিভিন্ন ৰাজ্যত কৰ্ম সংস্থান হেৰুৱাই থকা-খোৱাৰ অভাৱত স্বগৃহ ৰাজ্যলৈ উভতি আহিবলৈ যেতিয়া ৰাজপথত ওলাই আহিছে, ঠিক সেই সময়তে কেন্দীয় চৰকাৰৰ মদতপুষ্ট ৰাজ্য চৰকাৰে শ্ৰমিকৰ কামৰ সময় ৮ ঘন্টাৰ পৰা ১২ ঘন্টালৈ বৃদ্ধি কৰিছে। কেৱল সেয়ে নহয়, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আদি ৰাজ্যবোৰে শ্ৰমিকক সুৰক্ষা দিয়া বহু শ্ৰম আইন শীতল ঘৰত বন্ধ কৰি থৈছে। ইয়ে মালিকৰ স্বাৰ্থত শ্ৰমিকসকলৰ ওপৰত নিৰ্মম আঘাত হানিছে আৰু শোষনৰ মাত্ৰা তীব্ৰতৰ কৰিছে।
এই আক্ৰমণৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেডইউনিয়নৰ যৌথ মঞ্চে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু শুকুৰবাৰে লক-ডাউনৰ সকলো নিয়ম মানি প্ৰতিবাদ দিৱস পালন কৰিবলৈ সৰ্বস্তৰৰ শ্ৰমিক কৰ্মচাৰীক আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু ৱাৰ্কাচ কনফেডাৰেচন, কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰ সকলৰ নেচনেল কোঅৰ্ডিনেচন কমিটিয়ে ২২ মে’ত প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন জনায় আৰু লক-ডাউনৰ বিধি মানি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰ্চ এচ’চিয়চন কোঅৰ্ডিনেচন কমিটিৰ হৈ এছ ৰহমানে এক বিবৃতি যোগে কয় ” গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰসকলৰ সমন্বয়ৰক্ষী কমিটিৰ নেতৃত্বত শুকুৰবাৰে ক’লাবেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ আৰু বন্ধ কৰি থোৱা মৰগীয়া বানচ আৰু মৰগীয়া সাহায্য অনতিপলমে মোকলাই দিবলৈ আৰু প্ৰচলিত শ্ৰম আইনসমূহ বাহাল ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।”