কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, ৬ জনৰ মৃত্যু

408

উত্তৰাখণ্ডত ভূপতিত হেলিকপ্টাৰ!

ফাটাৰ পৰা কেদাৰনাথলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন হেলিকপ্টাৰ পতিত হয় দুৰ্ঘটনাত।

মঙলবাৰে সংঘটিত এই দুৰ্ঘটনাত দুগৰাকী পাইলটকে ধৰি ৬ জন লোকৰ মৃত্যু ঘটা বুলি আশংকা কৰা হৈছে।

মৰ্মান্তিক ঘটনাৰ কিছু সময়ৰ পিছতে প্ৰশাসনৰ দলটো সাহায্য আৰু উদ্ধাৰ কাৰ্য্যৰ বাবে ৰাওনা হৈছে।

কেদাৰনাথৰ পৰা ২ কিলোমিটাৰ নিলগত সংঘটিত হয় এই দুৰ্ঘটনা।

এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।