কেতিয়া অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতম মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা? জনালে শিক্ষামন্ত্ৰীয়ে

75

কোভিড স্থিতিৰ বাবে বিলম্ব হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতম মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে টুইটযোগে দুয়োটা পৰীক্ষাৰ দিন ঘোষণা কৰে ড০ শৰ্মাই।

শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে, অহা ১১ মে’ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। সেইদৰে ১২ মে’ৰ পৰা অনুষ্ঠিত হ’ব উচ্চতম মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাসমূহ। আনহাতে ৭ জুলাইত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু ৩০ জুলাইত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলিও জানিবলৈ দিয়ে ড০ হিমন্ত বিশ্ব শৰ্মাই।