কেঁচুসাৰ উৎপাদনত কৃষি বিজ্ঞান কেন্দ্ৰৰ তিনিজন প্ৰশিক্ষাৰ্থীৰ অভিলেখ

50

গুৱাহাটী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ ,কামৰূপৰ উদ্যোগত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা অনুষ্ঠিত দক্ষতা বৃদ্ধি শীৰ্ষক এক কাৰ্যসূচীৰ অধীনত কেঁচুসাৰৰ প্ৰদৰ্শনমূলক উৎপাদন কৰি অহা হৈছে ।

এই কাৰ্যসূচীত ভাগ লৈ কামৰূপ জিলাৰ ৰঙিয়া বৰদলৰ তিনিজন প্ৰশিক্ষাৰ্থী ক্ৰমে উষা নাথ , গায়ত্ৰী নাথ আৰু বৰুণ চন্দ্ৰ নাথে তিনিটা বাঁহৰ বাকচত কম খৰছত ১৫ কুইণ্টলতকৈ অধিক কেঁচুসাৰ উৎপাদন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

এই সন্দৰ্ভত কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞানী গৌতমী কটকীয়ে জানিবলৈ দিয়া মতে তিনিওজন প্ৰশিক্ষণপ্ৰাপ্ত কৃষকে যথেষ্ঠ পৰিমাণৰ কেঁচুসাৰ বিক্ৰী কৰি লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে । সমান্তৰালভাবে তিনিওজন কৃষকৰ উদগনিমূলক কার্যই বৰদল অঞ্চলৰ ১৫ জন কৃষকক আকৃষ্ট কৰিছে আৰু তেওঁলোকক কেঁচুসাৰ উৎপাদনৰ বাবে ৰঙিয়া মহকুমা কৃষি বিষয়াই ভাৰ্মিকো বেগ প্রদান কৰিছে । সম্প্ৰতি কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপে বৰদল গাঁওখনক এখন আদৰ্শ কেঁচুসাৰ উৎপাদন গাঁও তথা কেঁচু প্ৰজনন গাঁও হিচাপে গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।