কৃষি ভূমি উদ্যোগিক খণ্ডলৈ হস্তান্তৰৰ চৰকাৰী সিদ্ধান্তৰ আইছাৰ প্ৰতিবাদ

101

ষ্টাফৰিপৰ্টাৰ, আইছাৰ অসম ৰাজ্যিক সমিতিয়ে ৩০ জুনত অসম চৰকাৰে কেবিনেটত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত ভূমি হস্তান্তৰ সম্পৰ্কত যি সিদ্ধান্ত লৈ অধ্যাদেশ জাৰি কৰিলে সেই অধ্যাদেশ সন্দৰ্ভত নিখিল ভাৰত ছাত্ৰ সন্থাই (আইছা) গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এক প্ৰেছ বিজ্ঞপ্তি যোগে আইছাই কয় ” এই অধ্যাদেশ অনুসৰি উদ্যোগ স্থাপনৰ ক্ষেত্ৰত ৩ বছৰলৈ এতিয়া ৰাজহ বিভাগকে ধৰি কোনো বিভাগৰ অনুমতি, আপত্তিবিহীন প্ৰমাণ পত্ৰ আৰু লাইচেঞ্চৰ প্ৰয়োজন নাই। অৰ্থাৎ যিকোনো ভূমিত ইচ্ছা কৰিলেই কোনোবাই উদ্যোগ স্থাপন কৰিব পাৰিব। এই সিদ্ধান্তই ব্যাপক হাৰত কৃষিভূমি আৰু পৰিবেশ ধ্বংস কৰিব। খিলঞ্জীয়া ৰাইজক নিজ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব। ইতিমধ্যে অবৈধ খনন কাৰ্য, বৃহৎ নদীবান্ধ, বানপানী গৰাখহনীয়াত থলুৱা ৰাইজ মাটি, ভেটিৰ পৰা উচ্ছেদিত হৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৰাজ্যখনৰ কৃষি মাটিৰ শ্ৰেণী পৰিৱৰ্তন হৈ ঔদ্যোগিক ভূমিলৈ পৰিণত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিল। আনহাতে ইয়াৰ ফলত জৈৱ বৈচিত্ৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি সৃষ্টি কৰিব। আগতে ৰাজহ বিভাগৰ অনুমতি সাপেক্ষেহে কৃষিভূমি উদ্যোগপতিয়ে ব্যৱহাৰ কৰিব পৰিছিল। সেয়ে এতিয়া ব্যাপক হাৰত কৃষিভূমি বহিৰাগত বনিয়াগোষ্ঠী ৰ হাতলৈ স্থানান্তৰিত হোৱাটো নিশ্চিত হৈ পৰিল। চৰকাৰৰ এই সিদ্ধান্ত চৰকাৰৰ নিজৰে জাতি, মাটি, ভেটি ৰক্ষা আৰু খিলঞ্জীয়া ৰাইজক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে বিজেপি দলে নিবাৰ্চনত দিয়া ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিৰোধী। সেয়ে আইছাই চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু অনতি পলমে থলুৱা ৰাইজৰ ভূমি অধিকাৰ বিৰোধী অধ্যাদেশ প্ৰত্যাহাৰৰ দাবী জনাইছে। আইছাই এই দাবী জনাই আজি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।”