কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ৰবীন্দ্ৰনাথ দলেৰ দেহাৱসান

61

গুৱাহাটী:- অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক, গুৱাহাটীৰ দিছপুৰ কছাৰী বস্তী নিবাসী ৰবীন্দ্ৰনাথ দলেৰ অসুখত ভুগি ১৫ আগষ্টত মৃত্যু হয় । মৃত্যুত সময়ত তেওঁৰ বয়স হৈছিল ৬৩ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, এজনী জীয়ৰী, দুজন ককায়েক, দুজনী বায়েক-ভনীয়েকসহ বহু আত্মীয়-স্বজন এৰি থৈ যায়।

মৃত্যুৰ সময়ত তেওঁ মিছিং বানেং কেবাং, গুৱাহাটী মিছিং সমাজ, দিছপুৰ কছাৰীবস্তী নাগৰিক সমাজ, পূজা কমিটিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। উল্লেখযোগ্য যে ৰবীন্দ্ৰনাথ দলে মিছিং জনগোষ্ঠীৰ প্ৰথম গৰাকী সাংসদ, মন্ত্ৰী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তিনিবাৰকৈ সভাপতিৰ পদ অলংকৃত কৰা প্ৰয়াত ললিত কুমাৰ দলেৰ কনিষ্ঠ পুত্ৰ আছিল।

তেওঁৰ সৰু ভনীয়েক তথা মিছিং জনগোষ্ঠীৰ প্ৰথম গৰাকী মহিলা আই এ এছ শকুন্তলা দলে গামলিন বৰ্তমান ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ দিব্যংগ, শিশু আৰু মহিলা সৱলীকৰণ মন্ত্ৰনালয়ৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে।