কৃষি বিধেয়ক গৃহীত হোৱাৰ দিনা সদনত কিয় উপস্থিত নাছিল ৰাহুল গান্ধী?

66

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বিক্ষোভক উপেক্ষা কৰি সদনত গৃহীত কৰিছিল ৩খনকৈ কৃষি বিধেয়ক। সেই সময়ত ৰাজ্যসভাত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছিল বিৰোধীয়ে। নিম্ন সদনতো বিৰোধীয়ে এই বিধেয়কৰ বিৰোধিতা কৰি এয়া কৃষকৰ পথাৰ পুঁজিপতিৰ হাতত গতাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিছিল। কিন্তু যিদিনা সদনত কৃষি বিধেয়ক গৃহীত হৈছিল, সেইদিনা সংসদত উপস্থিত নাছিল কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধী। কিন্তু কিয় উপস্থিত নাছিল ৰাহুল গান্ধী? এই প্ৰশ্নক লৈও চৰ্চাৰ আৰম্ভ হয়। বহুজনে ৰাহুল গান্ধীক তাৰ পিছত সমালোচনাও কৰে।

পঞ্জাৱত কৃষি আইনৰ বিৰোধিতাৰে কংগ্ৰেছে অনুষ্ঠিত কৰা ‘খেতি বচাওক যাত্ৰা’ত অংশ লোৱাৰ অন্তত মঙলবাৰে সংবাদ মাধ্যমক সম্বোধন কৰে ৰাহুল গান্ধীয়ে। তাতেই তেওঁ সংসদত কৃষি বিধেয়ক গৃহীত হোৱাৰ দিনটোত উপস্থিত নথকাৰ কাৰণ দৰ্শায়। মাতৃ ছোনীয়া গান্ধীৰ অসুস্থতাৰ বাবেই সেইদিনা ৰাহুল গান্ধী সদনত উপস্থিত নাছিল বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ সন্মুখত।

ৰাহুল গান্ধীয়ে কয়, ‘মোৰ মা অসুস্থ আছিল আৰু চিকিৎসাৰ বাবে বিদেশলৈ যাব লগা হৈছিল। সেই সময়ত মাক মোৰ বেছি প্ৰয়োজন আছিল। মোৰ ভণ্টী অৰ্থাৎ প্ৰিয়ংকা গান্ধী মাৰ সৈতে যাবলৈ সক্ষম নাছিল। কাৰণ তেওঁৰ ষ্টাফৰ কেইবাজনৰো দেহত কোভিড পজিটিভ ধৰা পৰাত অলপ সাৱধানে চলিবলগা হৈছিল। তাৰ বাবেই মই মাৰ ওচৰত আছিলো। মই তেওঁৰ সন্তান, তেওঁক চোৱাচিতাৰ দায়িত্ব মই পালন কৰিবই লাগিব।’