কৃষি বিধেয়কক লৈ ৰাজ্যসভাত উত্তাল প্ৰতিবাদ, নিলম্বিত হ’ল ৰিপুণ বৰাসহ ৮ বিৰোধী সাংসদ…

84

ডিজিটেল ডেস্কঃ কৃষি বিধেয়কক লৈ দেওবাৰে ৰাজ্যসভাত সৃষ্টি হোৱা উত্তাল পৰিস্থিতিৰ পিছতে তৃণমূল কংগ্ৰেছ, কংগ্ৰেছসহ বিৰোধী দলৰ ৮ গৰাকী সাংসদক নিলম্বন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে বিৰোধী দলৰ সাংসদ সকলৰ নিলম্বনৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন কৰাৰ পিছতে সাংসদ সকলক নিলম্বন কৰা হয়।

জানিব পৰা মতে, নিলম্বিত হোৱা সাংসদ সকলৰ মাজত আছে অসমৰ কংগ্ৰেছ সাংসদ ৰিপুণ বৰাও। ইয়াৰোপৰি তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ ব্ৰায়ন, আপ সাংসদ সঞ্জয় সিং, ডোলা সেন, ৰাজীৱ ছাতৱ, নজীৰ হুছেইন, কে কে ৰাগেশ আৰু এ কৰীমকো নিলম্বন কৰা হৈছে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে দেওবাৰে ৰাজ্যসভাত কৃষি বিধেয়ক উত্থাপন কৰাৰ পিছতে বিৰোধী সাংসদ সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। দেশজুৰি অব্যাহত থকা কৃষক আন্দোলনকো ভ্ৰুক্ষেপ নকৰি চৰকাৰে পুঁজিপতিৰ চিন্তাধাৰাৰে এই বিধেয়ক গৃহীত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ তুলি বিৰোধীয়ে সদনৰ মজিয়া উত্তাল কৰি তোলে। আনকি সাংসদ সঞ্জয় সিং আৰু ৰাজীৱ ছাতৱে মহাসচিবৰ সন্মুখতে টেবুলত থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু ডেৰেক অ’ ব্ৰায়নে সদনৰ মজিয়াতে ৰুল বুক ফালি পেলায়।