কৃষি আইন বিৰোধী প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক

59

ডিজিটেল ডেস্কঃ দিল্লীত অব্যাহত আছে কৃষকৰ কৃষি আইন বিৰোধী প্ৰতিবাদ। এই প্ৰতিবাদ অন্ত পেলোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে শনিবাৰে প্ৰতিবাদী কৃষক সংগঠনৰ সৈতে এক বৈঠকত মিলিত হব। কিন্তু তাৰ পূৰ্বে এই সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী মোডীয়ে এক কেবিনেট বৈঠকত অংশ লয়।

জানিব পৰা মতে, এই গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত তাকে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ আৰু মন্ত্ৰী পীয়ুষ গোৱেল। ইফালে, কৃষকসকলৰ সৈতে হ’ব লগা বৈঠকত তেওঁলোকৰ কেতবোৰ দাবী চৰকাৰে মানিব বুলিও আশা কৰা হৈছে।