কৃষি আইনৰ সৈতে এমএছপিৰ কোনো সম্পৰ্ক নাই: কেন্দ্ৰীয় কৃষি মন্ত্ৰী

59

ডিজিটেল ডেস্ক:- মোদী চৰকাৰে ৰূপায়ন কৰা নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি আছে। দিল্লীৰ সীমান্তত ইতিমধ্যে কৃষকৰ আন্দোলনে পোন্ধৰ দিন অতিক্ৰম কৰিছে। কিন্তু তাৰ পিছতো চৰকাৰৰ গা লৰা পৰিলক্ষিত হোৱা নাই। বৰং কৃষি আইন কৃষকৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত বুলিহে বাৰম্বাৰ দাবী কৰি আহিছে চৰকাৰে।

শেহতীয়াকৈ কৃষি আইনৰ সমৰ্থনত পুনৰ মত প্ৰকাশ কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে। তেওঁ কয় যে কৃষি আইনে নূন্যতম সমৰ্থন মূল্য অৰ্থাৎ এম এছ পিত কোনো প্ৰভাৱ নেপেলায়। মন্ত্ৰীজনৰ মতে কৃষি আইন সন্দৰ্ভত ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে কৃষকক বুজাই দিছে। কিন্তু তাৰ পিছতো একাংশ লোকৰ প্ৰৰোচনাত কৃষকে প্ৰতিবাদত বহিছে। এমএছপি বাহাল থাকিব বুলিও মন্তব্য কৰে কৃষি মন্ত্রী গৰাকীয়ে।