ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন বাতিলৰ দাবীত অব্যাহত আছে প্ৰতিবাদ। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা কৃষক সংগঠনৰ নেতাসকলক কোভিড-১৯ আৰু শীতকালৰ কথা উল্লেখ কৰি ৩ ডিচেম্বৰৰ পৰিবৰ্তে মঙলবাৰে আলোচনা কৰিবলৈ আমন্ত্ৰণ জনায়।
গুৰুত্বপূৰ্ণ এই যে যোৱা পাঁচ দিন ধৰি দিল্লী সীমাৰ কাষত লাখ লাখ কৃষক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে । কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ মঙলবাৰে ষষ্ঠটো দিন। এই নতুন কৃষি আইনক লৈ কৃষক সকলৰ আশংকা যে ই নিম্নতম সমৰ্থনৰ মূল্য হ্ৰাস কৰিব।
কোৰোনা ভাইৰাছ সংক্ৰমন আৰু শীতৰ কথা উল্লেখ কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে কয় ” আমি কৃষক সংগঠনৰ নেতাসকলক আৰু কৃষক ইউনিয়ন বোৰক ৩ ডিচেম্বৰত আলোচনাৰ বাবে আহিবলৈ আমন্ত্ৰণ জনাইছিলো । এতিয়া ১ ডিচেম্বৰত দিল্লীৰ বি়জ্ঞান ভৱনত বিয়লি ৩ বজাত আলোচনাত মিলিত হম । এই বৈঠকত ১৩ নবেম্বৰৰ আলোচনাত থকা কৃষক সকলকো আমত্ৰন জনোৱা হৈছে ।