কৃষি আইনৰ বিৰোধিতাৰে কৃষকৰ অনশন কাৰ্যসূচী…

69

ডিজিটেল ডেস্ক: কৃষি আইনৰ বিৰোধীতাৰে উত্তাল হৈ আছে দিল্লীৰ সীমান্ত। প্ৰতিদিনে দলে দলে দেশৰ ভিন্ন প্ৰান্তৰ পৰা কৃষকে এই প্ৰতিবাদত চামিল হৈছে।

শেহতীয়াকৈ আজি দিল্লীত পুৱা ৫ বজাৰ পৰা প্ৰতিবাদী কৃষকসকলে আৰম্ভ কৰিছে অনশন ধৰ্মঘট কাৰ্যসূচী। দিল্লী-হাৰিয়ানাৰ সীমান্ত, সিংঘু সীমান্তত পুৱাৰে পৰা কৃষকসকলে আৰম্ভ কৰিছে অনশন কাৰ্যসূচী।

ৰাজধানী চহৰখনৰ অন্যান্য এলেকাটো আৰম্ভ কৰিছে অনশন।দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে কৃষকৰ অনশন কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে‌।