কৃষি আইনক লৈ সদনত হুলস্থূল, স্থগিত সদন

62

কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। ডেৰ মাহ অতিক্ৰম কৰাৰ পিছতো কৃষকে দিল্লীৰ সীমান্তত এই কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে। কিন্তু তাৰ পিছতো চৰকাৰে কৃষক বিৰোধী আইন বাতিল কৰিবলৈ কোনোমধ্যেই ৰাজী নহয়।

ইফালে কৃষি আইনৰ বিৰুদ্ধে সদনৰ মজিয়াতো অব্যাহত আছে বিৰোধীৰ প্ৰতিবাদ। আজি ৰাজ্যসভাত কংগ্ৰেছৰ লগতে বিৰোধী সাংসদ সকলে কৃষি আইনৰ বিৰোধিতা কৰাত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। যাৰ বাবে দিনৰ ১২ বজালৈ সদন স্থগিত ৰাখে অধ্যক্ষই।

উল্লেখ্য যে, মঙলবাৰেও ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিৰোধীয়ে ৰাজ্যসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল।