কৃষক সংগঠনৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ, হঠাৎ কৰিলে ঘোষণা…

66

ডিজিটেল ডেস্ক; ২৬ নৱেম্বৰৰ পৰা পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে দিল্লী অভিমুখে আহি দিল্লীৰ দুৱাৰমুখত ৰাজপথত বহি প্ৰতিবাদ কৰি গৈছে৷ কেন্দ্ৰীয় চৰকাৰে লক-ডাউনৰ সময়ত তিনিখন কৃষি বিধেয়ক আইনত পৰিণত কৰে৷ এই আইন বাতিল কৰাৰ দাবীত কৃষকে ১৩ দিন ধৰি প্ৰতিবাদ কৰি গৈছে দিল্লীত৷

ইয়াৰ মাজতে আজি দেশৰ কৃষক সংগঠনসমূহে ভাৰত বন্ধ ঘোষণা কৰে৷ ভাৰত বন্ধৰ প্ৰভাৱ সমগ্ৰ দেশতে পৰা দেখা যায়৷ ভাৰত বন্ধৰ প্ৰভাৱ পৰাৰ সময়তে আজি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে কৃষক সংগঠনক বৈঠক কৰিবলৈ আমন্ত্ৰণ কৰিছে৷ যোৱা দুটা দিনত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ আৰু ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে কৃষক প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত বৈঠকত অংশ লৈ আহিছিল৷

কিন্তু হঠাতে গৃহমন্ত্ৰী অমিত শ্বাহে কৃষকক বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱাৰ ঘটনাই বিশেষ তাৎপৰ্যবহন কৰিছে৷ চৰকাৰে অহাকালি অৰ্থাৎ ৯ ডিচেম্বৰতহে বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল৷ তাৰ এদিন পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে কৃষক প্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ ঘোষণাই তাৎপৰ্যবহন কৰিছে৷