কৃষক নেতা অখিল গগৈক জাতীয় বীৰৰ অভিধা অসম জাতীয় সংঘৰ

52

দীৰ্ঘদিন ধৰি কাৰাবান্দী হৈ থকা কৃষক নেতা অখিল গগৈক জাতীয় বীৰ অভিধা প্ৰদান কৰিলে অসম জাতীয় সংঘই। মঙলবাৰে মৰিয়নীৰ লুখুৰাখন গাঁওস্থিত কৃষক নেতা অখিল গগৈৰ বাসগৃহত উপস্থিত হৈ অসম জাতীয় সংঘৰ নেতৃত্বই মাতৃ প্ৰিয়দা গগৈৰ হাতত জাতীয় বীৰৰ অভিধা প্ৰদান কৰে। আজি অসমৰ প্ৰতিজন খিলঞ্জীয়াৰ হৃদয়ত অখিল গগৈয়ে জাতীয় বীৰৰূপে স্থান লাভ কৰিছে বুলি মন্তব্য কৰে অসম জাতীয় সংঘৰ সভাপতি বিপুল বৈভৱ বৰুৱাই।

তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা বাইক ৰেলী কৰি অখিল গগৈৰ মৰিয়নীস্থিত বাসগৃহত উপস্থিত হোৱা সংগঠনটোৰ নেতৃত্বই প্ৰথমে কৃষক নেতাগৰাকীৰ মাতৃ প্ৰিয়দা গগৈক গামোচা আৰু চেলেং চাদৰ পিন্ধাই সম্বৰ্ধনা জনায়। অখিল গগৈৰ দৰে ৰাইজৰ হকে আপোচবিহীন সংগ্ৰাম কৰাৰ লগতে প্ৰয়োজনত যাতে শাসকৰ বন্দুকৰ গুলিও বুকু পাতি ল’ব পাৰে, তাৰ বাবে সাহস বিচাৰী মাতৃ প্ৰিয়দা গগৈৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰে সংগঠনটোৰ সদস্যসকলে।