কৃষকৰ আন্দোলনে বিয়পাইছে কোৰোনা! উচ্চতম ন্যায়ালয়ত আবেদন…

60

ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা কৃষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। কোভিড প্ৰটকল ভংগ কৰি মহামাৰী বিয়পোৱাৰ অভিযোগ তুলি প্ৰতিবাদী কৃষকক দিল্লীৰ পৰা আঁতৰাবলৈ অনুৰোধ জনাই ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে।

আবেদনখনত উল্লেখ কৰা হৈছে যে, সোনকালে যাতে কৃষকে ঘেৰি ৰখা দিল্লীৰ সীমা খোলাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰিও নিৰ্দিষ্ট স্থানলৈ সামাজিক দূৰত্ব ৰক্ষা কৰি আৰু মাস্ক পিন্ধি বিক্ষোভ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে আবেদনখনত।

দিল্লীৰ নিবাসী ঋষভ শৰ্মাই উচ্চতম ন্যায়ালয়ত এই আবেদনখন দাখিল কৰিছে। উল্লেখ্য যে, গণ বিক্ষোভ বা আন্দোলনৰ সময়ত প্ৰায়ে কোভিডৰ সংক্ৰমণৰ কথা আলোচিত হোৱা বিষয়টি নিৰ্বাচনী সভা বা প্ৰচাৰৰ প্ৰসংগত তল পৰি থকা দেখিবলৈ পোৱা যায়।