কৃষকৰ আন্দোলনলৈ সমৰ্থন জনাই পদত্যাগ পত্ৰ প্ৰেৰণ ডিআইজিৰ…

79

ডিজিটেল ডেস্ক : দিল্লীত অব্যাহত আছে কৃষকৰ বিক্ষোভ। কৃষকৰ প্ৰতিবাদে ১৭ দিন অতিক্ৰম কৰিলেও ক্ৰমাৎ যেন তীব্রতৰ হৈছে এই আন্দোলন। ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকেও এই প্ৰতিবাদত যোগ দিছে। বহু জনে মুকলিকৈ সমৰ্থন জনাইছে অন্নদাতাৰ আন্দোলনক।

শেহতয়াকৈ কৃষকৰ বিক্ষোভক সমৰ্থন কৰি বঁটা চৰকালৈ ঘুৰাই দিয়াৰ পিছত এইবাৰ চৰকাৰলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে পাঞ্জাবৰ এগৰাকী ডিআইজি (জেল )য়ে । পঞ্জাৱৰ চৰকালৈ এই মুহুৰ্তত পদত্যাগ প্ৰেৰন কৰিছে শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে ।

কৃষক গৰাকীৰ এনে কাৰ্যই চৰ্চা লাভ কৰিছে । তেওঁ কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলক সমৰ্থন জনায় । এডিজিপি(জেল) পি কে সিংহাই কয় যে মোক তেওঁৰ পদত্যাগৰ প্ৰতিলিপিও মেইল কৰিছে ।