ডিজিটেল ডেস্ক: প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেৰ সমৰ্থন কৃষক আন্দোলনক৷ আন্নাই কয় যে মই কৃষকৰ দাবীক সমৰ্থন কৰো৷ কৃষক আৰু চৰকাৰৰ স্থিতি ভাৰত-পাকিস্তানৰ দৰে হৈ পৰিছে৷ যেনেদৰে নিৰ্বাচনৰ সময়ত নেতাই কৃষকৰ ঘৰলৈ ভোট বিচাৰি যায় তেনেদৰেই কৃষকৰ খেতিপথাৰ, ঘৰলৈ গৈ কথা পাতক চৰকাৰে৷ কৃষকে অহিংসাৰ পথেৰে আন্দোলন কৰিছে৷
যদি কালি হিংসাৰ আশ্ৰয় লৈ প্ৰতিবাদ আৰম্ভ কৰে তেন্তে ইয়াৰ দায়িত্ব কোনে ল’ব৷ কৃষক পাকিস্তানৰ নহয়৷ চৰকাৰে আলোচনা কৰক৷ দেশৰ বাবে দুৰ্ভাগ্য যে কৃষকে ইমান দিনে আন্দোলন কৰিবলগীয়া হৈছে৷ কৃষক পাকিস্তানী নহয়৷ আমাৰ দেশৰ হয়৷ নিৰ্বাচনৰ সময়ত যেনেদৰে কৃষকৰ ঘৰলৈ গৈ ভোট বিচৰা তেনেদৰে কৃষকৰ খেতি পথাৰ আৰু ঘৰলৈ গৈ কৃষকৰ সমস্যা সমাধান কৰক৷
