কৃত্ৰিম বানত বুৰিল চিৰাং জিলাৰ বিজনী চহৰৰ ১ নং ৱাৰ্ড।পানী ওলাই যোৱা উপযুক্ত নলা নথকাৰ বাবে বিজনীৰ ফৰেষ্ট গেটত এই অৱস্থা।এজাক বৰষুণ দিলেই এলেকাটোত এনেদৰে বুৰাই পেলায় কৃত্ৰিম বানে।ঘৰৰ চৌপাশে কেৱল পানী আৰু পানী।লেতেৰা পানীৰ মাজেৰেই বিদ্যালয়লৈ যাব লাগে ছাত্র-ছাত্ৰী। বিজনী পৌৰসভা আৰু বিজনীৰ বিধায়কক জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ
