কৃত্ৰিমবানত বোকাময় হৈ পৰা গীতানগৰ- চানমাৰি পথ পৰিষ্কাৰ কৰিলে পৌৰনিগমে

73

ষ্টাফৰিপৰ্টাৰ, মহানগৰীত বিগত কেইদিনমান ধৰি বৰষুণৰ পৰিমান বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাস্থানত বোকাময় পৰিবেশৰ সৃষ্টি হৈছে ৷ বিশেষকৈ গীতানগৰ , চানমাৰি, শিলপুখুৰীৰ অঞ্চলত পথত অধিক বোকা- পানীৰে উপচি পৰিছে ৷যাৰ বাৰে পথচোৱাৰে গাড়ী- মটৰ চলাচলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ ইয়াৰ বাবেই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শনিবাৰে গীতনগৰ , চানমাৰি, শিলপুখুৰী অঞ্চলত উপস্থিত হৈ পৰ্যবেক্ষণ কৰে ৷ মন্ত্ৰী ভট্টাচাৰ্যৰ উপস্থিতিত গুৱাহাটী পৌৰনিগমে তাৎক্ষণিক ভাবে পথ সমুহ পৰিষ্কাৰ কৰে। মন্ত্ৰী গৰাকীৰ লগত গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱ্যজ্যেতি হাজৰিকা, মুখ্য অভিযন্তা দেৱজিত দাস, অতিৰিক্ত আয়ুক্ত দ্বীজেন্দ্ৰ সিং, অ’ এছ’ ডি নাৰায়ন আগৰৱাল উপস্থিত থাকে ৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় ” বিগত বছৰ সমুহতকৈ চলিত বৰ্ষত বৰষুণৰ পৰিমান যঠেষ্ট বৃদ্ধি পাইছে ৷ এচাম পাহাৰত বসবাস কৰা মানুহে কিছু মাটি কাটি বাৰিষালৈ দম কৰি ৰাখে ৷ বাৰিষা অহাৰ লগে লগে মাটি সমুহ পানীৰ সোতত তললৈ নামি আহি পথ সমুহ আবদ্ধ হৈ পাৰে ৷ যাৰ বাবেই পথসমূহ বোকাময় পৰিবেশৰ সৃষ্টি হয় ৷’ ইয়াৰ বাবেই পাহৰত বসাবস কৰা সমুহ জনসাধৰনক পাহৰৰ মাটি নাকাটিবলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।