কুশিয়াৰা নদী সাঁতুৰি অসমত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ, গ্ৰেপ্তাৰ

797

যোৱা ১৫ নৱেম্বৰত ভাৰত বাংলাদেশ সংযোগী কুশিয়াৰা নদী সাঁতুৰি অসমত প্ৰৱেশ কৰাৰ পিছতে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে এজন বাংলাদেশী নাগৰিকক আটক কৰে।

সূত্ৰ অনুসৰি ধৃত বাংলাদেশী নাগৰিকজন বাংলাদেশৰ জাকিগঞ্জৰ বাসিন্দা প্ৰাণজিৎ ৰায় বুলি চিনাক্ত কৰা হৈছে।

বি এছ এফে বাংলাদেশী নাগৰিকজনক আটক কৰি কৰিমগঞ্জৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।
অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয়, ‘বিএছএফে তেওঁক আটক কৰে। তেওঁৰ নাম প্ৰাঞ্জিত ৰায়, পিতৃৰ নাম সত্যেন্দ্ৰ ৰায়, বাংলাদেশৰ জাকিগঞ্জ নিবাসী। ধৃত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। তেওঁ প্ৰকাশ কৰিছে যে তেওঁ ইয়ালৈ আহিছিল নিজৰ আত্মীয়ক লগ কৰিবলৈ।”

বৰ্তমান আৰক্ষীয়ে আটক কৰা ব্যক্তিজনক জেৰা অব্যাহত ৰাখিছে আৰু ভাৰতত প্ৰৱেশৰ আঁৰৰ তেওঁৰ উদ্দেশ্য সম্পৰ্কে অধিক সবিশেষ প্ৰকাশ কৰা হ’ব।