কুল্লুত ভয়ংকৰ দুৰ্ঘটনা! দ খাৱৈত বাহন বাগৰি মৃত্যু ৭ পৰ্যটকৰ

116

হিমাচল প্ৰদেশৰ কুল্লু জিলাত ভয়ংকৰ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা খাৱৈত বাগৰি পৰিল এখন পৰ্যটকৰ বাহন।

দুৰ্ঘটনাত নিহত ৭ জন, আহত হৈছে ১০ জনকৈ লোক।

বঞ্জাৰ বিধানসভা সমষ্টিৰ ঘিয়াগীত দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত বাহনখনত আছিল ১৭ জন পৰ্যটক।

ৰাজস্থান, হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰ্যটকৰ অধিকাংশই আছিল ছাত্ৰ-ছাত্ৰী।

দুৰ্ঘটনাত নিহত সকলক ঋষভ ৰাজ, অংশীকা জৈন, সৌৰভ, প্ৰিয়ংকা গুপ্তা, কিৰণ, আদিত্য আৰু অনামান্য বুলি চিনাক্ত কৰা হৈছে।

অন্যহাতে আহত সকলক মধ্য প্ৰদেশৰ গোৱালিয়ৰ নিৱাসী জয় আগৰৱালা (২২), হাৰিয়ানাৰ ফৰিদাবাদৰ ঈশান (২৩), লক্ষ্ণৌৰ অভিনৱ সিং (২১), কানপুৰৰ নিষ্ঠা (৩০), ৰাজস্থানৰ লক্ষ্য (২১), প্ৰিয়া (২৩), ৰাহুল (২৫), ঋষভ (২২), ক্ষিতিয়া (২৬), অজয় ​​(৪২) বুলি জানিব পৰা গৈছে।

আহত সকলক বৰ্তমান বঞ্জাৰ হাস্পতালত চিকিৎসা চলাই থকা হৈছে।

ইফালে আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, আহত সকলৰ ৰাজস্থানৰ নিবাসী লক্ষ্য সিং, কানপুৰৰ নিষ্ঠা বোডানী আৰু আই আই টি-বি এইচ ইউৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ হাৰিয়ানাৰ ফৰিদাবাদৰ ঈশান গুপ্তাৰ অৱস্থা বৰ্তমানো সংকটজনক।

আৰক্ষীয়ে এই দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান চলাই গভীৰ অন্ধকাৰ আৰু প্ৰতিকূল বতৰৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে।