সমগ্ৰ দেশত পুনৰ এবাৰ ভয়াবহ হৈ পৰিছে কোৰোনা সংক্ৰমণ। বিশেষকৈ হিন্দু ধৰ্মাৱলম্বীসকলৰ বিশেষ উৎসৱ কুম্ভ মেলাত সমাগম ঘটা ভক্ত, সাধু-সন্তৰ দ্বাৰা কোভিড সংক্ৰমণ অধিক ভয়াবহ হৈ পৰাৰ আশংকা এতিয়া বৃদ্ধি পাইছে। শেহতীয়াকৈ কুম্ভ মেলাত অংশ লৈ গুজৰাটলৈ উভতি অহা ৪৯ জন ভক্তৰ দেহত ধৰা পৰিছে কোভিড সংক্ৰমণ।
দেওবাৰে গুজৰাট স্বাস্থ্য বিভাগে সদৰী কৰা মতে, হৰিদ্বাৰত কুম্ভ মেলাত অংশ লৈ ৰে’লেৰে আহি সবৰমতি ৰে’লৱে ষ্টেছনত উপস্থিত হোৱা মুঠ ৫৩৩ গৰাকী ভক্তৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে ৪৯ গৰাকীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে। আটাইকেইজনকে বৰ্তমান কোৱাৰেণ্টাই চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে।
প্ৰণিধান যোগ্য যে, কোভিড সংক্ৰমণৰ এই ভয়াবহ ৰূপৰ প্ৰতি লক্ষ্য ৰাখি কুম্ভ মেলা প্ৰতীকাত্মক ৰূপত পালন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে আহ্বান জনাইছে যদিও ইয়াকে লৈ দ্বিমত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আনহাতে ৰমজানেই হওক বা কুম্ভ মেলা- ক’তো কোভিড প্ৰট’কল ভংগ কৰিবলৈ দিয়া নহয় বুলি সকিয়নী প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।