কি হ’ব মহাজোঁটৰ ভৱিষ্যত? ১৫ আগষ্টৰ ভিতৰত সিদ্ধান্ত ল’ব BPF-এ

78

গুৱাহাটীঃ ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ-এ নিজকে মহাজোঁটৰ পৰা পৃথক কৰিব বুলি চৰ্চা অব্যাহত আছে যদিও এই পৰ্যন্ত দলটোৱে এই সন্দৰ্ভত কোনো ধৰণৰ স্পষ্ট মন্তব্য কৰাৰ পৰা দূৰৈত আছে। কিন্তু আজি এক সংবাদমেল সম্বোধন কৰি বিপিএফৰ মুখপাত্ৰ তথা বিধায়ক দুৰ্গাদাস বড়োৱে কয় যে বিপিএফ মহাজোঁটত থাকিব নে নাই সেয়া অহা ১৫ আগষ্টৰ ভিতৰত দলীয় নেতৃত্বই সিদ্ধান্ত ল’ব।

ইফালে ৰাজ্যৰ কেইবাটাও সমষ্টিত অনুষ্ঠিত হবলগীয়া উপ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে বুলি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কৰা আহ্বান সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে দুৰ্গাদাস বড়োৱে। তেওঁ কয় যে, নিৰ্বাচনৰ পূৰ্বে মহাজোঁটৰ অংশীদাৰ হ’বলৈ কংগ্ৰেছে আমন্ত্ৰণ জনোৱাৰ পিছতো অখিল গগৈয়ে সেয়া অস্বীকাৰ কৰিছিল আৰু বিজেপিক জয়যুক্ত কৰাত সহায় কৰিছিল। এনে পৰিপ্ৰেক্ষিতত এতিয়া অখিল গগৈয়ে ক’লেই নহ’ব বুলিও মন্তব্য কৰে দুৰ্গাদাস বড়োৱে।

আনহাতে উপ নিৰ্বাচনত বিপিএফ-এ তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত প্ৰাৰ্থী দিব বুলি জানিবলৈ দি দলটোৰ মুখপাত্ৰ গৰাকীয়ে লগতে এয়াও কয় যে বিজেপিৰ উন্নয়নমূলক কামৰ প্ৰতি বিপিএফ-এ সদায় সমৰ্থন আগবঢ়াই যাব।