কিয় শিৱসেনাৰ সাংসদ সঞ্জয় যাদৱে দাখিল কৰিলে পদত্যাগ পত্ৰ…

79

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পাৰভানী লোকসভা সমষ্টিৰ শিৱসেনাৰ সাংসদ সঞ্জয় যাদৱে দাখিল কৰিছে পদত্যাগ পত্ৰ। বৃহস্পতিবাৰে তেওঁ শিৱসেনাৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি কয় যে তেওঁ তেওঁৰ সমষ্টিৰ শিৱ সেনা কৰ্মীসকলক ন্যায় প্ৰদান কৰিবলৈ অক্ষম হোৱাৰ কাৰণেই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ পদত্যাগ পত্ৰত লিখিছে, ‘মই মোৰ এলেকাৰ শিৱ সেনা কৰ্মীসকলক ন্যায় দিবলৈ অসমৰ্থ হৈছো, তাৰ পিছত মোৰ সাংসদ হৈ থকাৰ কোনো অধিকাৰ নাই।’

তেওঁ পুনৰ লিখিছে, ‘মোৰ সমষ্টি অৰ্থাৎ পাৰভানীৰ এপিএমচিৰ প্ৰশাসক নিযুক্তিৰ বিষয়টো যোৱা ৮-১০ মাহ ধৰি মই পৰ্যবেক্ষণ কৰি আছো। এতিয়া হঠাৎ এজন এনচিপিৰ নেতাক বেচৰকাৰী স্থিতিৰে তাত প্ৰশাসকৰূপে নিযুক্তি প্ৰদান কৰা হৈছে। এয়া অঞ্চলটোৰ শিৱসেনা কৰ্মীসকলৰ বাবে উপহাস স্বৰূপ। মই এয়া চাই থাকিব নোৱাৰো। গতিকে মই পদত্যাগ কৰাটোৱে উচিত বুলি ভাৱো।’