নিলম্বিত জ্যেষ্ঠ IPS বিষয়া ৰৌণক আলী হাজৰিকাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে ন ন তথ্য। উপাৰ্জনতকৈ অধিক সম্পত্তি আৰু চৰকাৰী অনুমতিবিহীনভাৱে গোপনে কৰা অসংখ্য বিদেশ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গ্ৰেপ্তাৰ হোৱা ৰৌনক আলী হাজৰিকাৰ সম্পত্তিৰ তালিকাই চকু কপালত তুলিছে আৰক্ষী-প্ৰশাসনৰো।
আৰক্ষীয়ে সদৰী কৰা মতে ৰৌনক আলী হাজৰিকাৰ নামত গুৱাহাটীৰ ডাউনটাউনত ঘৰ-মাটি থকাৰ উপৰিও ধীৰেনপাৰাত আছে প্ৰসাদসদৃশ অট্টালিকা। তদুপৰি হেঙেৰাবাৰীতো এই দুৰ্নীতিপৰায়ন IPS বিষয়জনৰ নামত আছে এটা ৰাজ অট্টালিকা সদৃশ এটা ঘৰ।
আনহাতে ৰৌণক আলী হাজৰিকাৰ চিমলাত আছে এখন বিলাসী ৰিৰ্জট। কথি ৰিৰ্জট নামৰ ৪মহলীয়া এই বিলাসী ৰিৰ্জটখনৰ মূল্যও হ’ব কেইবা কোটি টকা। ইয়াৰোপৰিও সন্তানৰ শিক্ষাৰ নামত কোটি কোটি টকাৰ লেনদেন কৰাৰ তথ্যও পোহৰলৈ আহিছে।
উল্লেখ্য যে, ৰৌনক আলী হাজৰিকাই হংকং, ইণ্ডোনেছিয়া,ডুবাই,বাংলাদেশ, মালেয়ছিয়া, বেংকক, থাইলেণ্ড সহ ৯ খন দেশ চৰকাৰী অনুমতি নোহোৱাকৈ ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে। আনহাতে, ৰৌণক আলী হাজৰিকাৰ বাসগৃহত বাংলাদেশ, হংকং, চীন, মালেয়ছিয়া, জাপান, ইণ্ডোনেছিয়াৰ বিদেশী মুদ্ৰা উদ্ধাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে জুলাই মাহৰ পৰা নিলম্বিত হৈ থকা IPS বিষয়াজনক।
