কিঞ্চিৎ আশাৰ ৰেঙণি কাৰাবন্দী অখিল গগৈৰ মুক্তিৰ বাটত…

76

কিঞ্চিৎ আশাৰ ৰেঙণি দেখা দিছে কাৰাবন্দী বিধায়ক অখিল গগৈৰ মুক্তিৰ বাটত। আজি চাবুৱা থানাৰ এনআইএ আদালতে অভিযোগমুক্ত কৰে অখিল গগৈৰ লগতে আন দুজনক।

চাবুৱা থানাৰ এনআইএ আদালতে অখিল গগৈৰ ওপৰত ৰুজু হৈ থকা UPA আইনৰ ১৬নং ধাৰা প্ৰত্যাহাৰ কৰে। অখিল গগৈৰ লগতে ভূপেন গগৈ আৰু জগজিৎ গোঁহাইৰ বিৰুদ্ধে থকা এনআইএৰ গোচৰো প্ৰত্যাহাৰ কৰে চাবুৱাৰ এনআইএ আদালতে।

উল্লেখ্য যে, অখিল গগৈয়ে পূৰ্বে চাবুৱা থানা গোচৰত জামিন লাভ কৰিছিল। এতিয়া চানমাৰি থানাৰ চাৰ্চ ফ্ৰেমৰ চলি থকা গোচৰৰ পৰা মুক্ত হ’লেই মুকলি আকাশৰ তললৈ আহিব পাৰিব অখিল গগৈ।