আজি অনুষ্ঠিত হৈছে ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা। পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছে।
প্ৰতিটো ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। উল্লেখ্য যে, আজি ৫টা সমষ্টিত নিৰ্ণয় হ’ব ৩১গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
৩০ অক্টোবৰত থাওৰা, মৰিয়নী, ভৱানীপুৰ, তামুলপুৰ আৰু গোসাঁইগাঁৱত অনুষ্ঠিত হৈছিল উপ–নিৰ্বাচন।
