কাৰ নেতৃত্বত চলিছে গোৰেশ্বৰৰ ৰাজ পথত অবৈধ ডাম্পাৰ?

178

অবৈধ ডাম্পাৰ পাৰ কৰাৰ বাবে বিভিন্ন লোক জড়িত হৈ থকাৰ সন্দেহ আৰক্ষীৰ। উল্লেখযোগ্য যে বুধবাৰে গোৰেশ্বৰৰ আৰক্ষীৰ নিশা অভিযান চলাইছিল ।

আৰু তাৰ পিছতেই চালান বিহিন লগতে বৈধ নথিপত্ৰ অবিহনে শিল বালি সৰবৰাহ কৰি থকা তিনিখনকৈ অবৈধ ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।
জব্দ কৰা ডাম্পাৰ কেইখন হল AS25FC1137, AS25EC7835, ASEC4750

ডাম্পাৰৰ লগতে ড্ৰাইভাৰ হেন্দিমেন সহ ৫জন লোকক আটক গোৰেশ্বৰ আৰক্ষীয়ে।

উলেখ্য যে বৰনদীৰ বুকুৰ পৰা প্ৰতিদিনে অবৈধভাৱে শিল বালি সৰবৰাহ হৈ আহিছে।

এই অবৈধ সৰবৰাহৰ বিৰুদ্ধে বহু দল সংগঠনে প্ৰতিবাদ কৰে যদিও বনবিভাগে কোনো গুৰুত্ব দিয়া দেখা নাযায়।

ইয়াৰ পিছতে আজি নিশা গোৰেশ্বৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত ৰাইজৰ অভিযোগৰ ভিত্তিত তিনিখনকৈ অবৈধ ডাম্পাৰ জব্দ কৰি গোচৰ ৰুজো কৰে।

লগতে আৰক্ষী বিষয়া জনে কয় যে ইয়াৰ লগত বহু লোক জড়িত হৈ আছে আগলৈও অবৈধ ডাম্পাৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলি থাকিব বুলি মন্তব্য কৰে।