অসম বিজেপিত মোক্ষম আঘাত। কাৰ্বি পাহাৰৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা জয়ৰাম ইংলেঙে বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে।
জয়ৰাম ইংলেং ২০১৬ চনত হাওৰাঘাট সমষ্টিৰ বিজেপিৰ বিধায়ক আছিল। সেই সময়তেই তেওঁ বিজেপিৰ এছ টি মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিল। ইয়াৰ পূৰ্বে, তেওঁ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ডিফু সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আছিল।
ইয়াৰোপৰি, জয়ৰাম ইংলেং কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য অৰ্থাৎ চিইএম আছিল।
লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জয়ৰাম ইংলেঙে বিজেপি দল ত্যাগ কৰাত হাওৰাঘাটৰ বিজেপিৰ তৃণমূল কৰ্মী এতিয়া চিন্তাত পৰিছে। বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙৰ পিছত এইবাৰ জয়ৰাম ইংলেঙে বিজেপি ত্যাগ কৰিলে।
ইতিমধ্যে তেওঁ পদত্যাগ পত্ৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰিছে। এক সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, জয়ৰাম ইংলেঙে অতি শীঘ্ৰেই নিজৰ বহু সমৰ্থকক লগত লৈ কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগ দিব।
