ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি কংগ্রেছ দলে আৰম্ভ কৰা অসম বচাও শীর্ষক জন সজাগতা অভিযানৰ অংশ হিচাপে আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হয় কংগ্রেছ নেত্ৰী প্ৰাক্তন সাংসদ সুস্মিতা দেৱ। আজি ডিফু চহৰত উপস্থিত হােৱা প্ৰাক্তন সাংসদগৰাকীয়ে পুৱা ডিফু নগৰৰ মাজমজিয়াত থকা জননেতা চেমছনছিং ইংতিৰ প্ৰতিমূৰ্তিত শ্রদ্ধা জ্ঞাপন কৰাৰ পিছতে ডিফুৰ বিভিন্ন মন্দিৰ তথা গীর্জা আদিত উপস্থিত হৈ আশীষ লােৱা পৰিলক্ষিত হয়।
ইয়াৰ পিছতে কাৰ্বি আংলং জিলাত এক যুটীয়া বর্ধিত কার্যনির্বাহক সভাতাে অংশগ্রহণ কৰে। সাংবাদিকৰে হােৱা বার্তালাপত নির্বাচনত টিকট বিচৰাৰ অধিকাৰ সকলােৰে আছে যদিও জনতাৰ মাজত অধিক গ্রহণযােগ্যতা থকা প্রার্থীয়েহে প্রার্থিত্ব লাভ কৰিব বুলি সাংসদগৰাকীয়ে কয়। আনহাতে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ সন্দর্ভত মন্তব্য কৰি আঞ্চলিক দল হিচাপে ৰাষ্ট্রীয় দল কংগ্রেছৰ সৈতে মিত্রতা কৰিলে আঞ্চলিক দলসমূহেই অধিক উপকৃত হ’ব বুলি কয় সাংসদগৰাকীয়ে। সাম্প্রদায়িক আৰু বিভাজনৰ ৰাজনীতি কৰা বিজেপিক পৰাজিত কৰাৰ লক্ষ্যৰে অৱস্থান
কৰা সকলাে দলকে মহাজোঁটলে স্বাগতম জনাই সুস্মিতা দেৱে আগন্তুক নির্বাচনত কংগ্রেছৰ নেতৃত্বাধীন মহাজোঁটে এশ এখন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।
